১০ দফা—উপনিষদত আছে :—
“অস্মান্মায়ী সৃজতে ৰ্ৱিশ্বমেতত্তস্মিংচান্যো মায়য়া সন্নিৰুদ্ধঃ॥” (শ্বেতাশ্বতৰোপনিষদ, ৪৷৯)।
অৰ্থাৎ,—এই প্ৰয়োজন হেতু মায়া নামক প্ৰকৃতিৰ স্বামী (বা প্ৰকৃতিক সদাই নিজ অধীনত ৰখা ঈশ্বৰ) এই সকলো জগত ৰচনা কৰে। জগত ৰচনাৰ পিচত শুভকৰ্ম্মৰ দ্বাৰা যুক্ত হোৱাৰ কাৰণে জগত ৰচিত হলেও কৰ্ম্মজগতৰ ভোগৰ লালচাত অনেক জীৱ অবিদ্যাগ্ৰস্ত হৈ শুভ কৰ্ম্মৰ সেৱনৰপৰা বিৰত হয়, ৰাগাদিত বন্ধ হয়।
[৪১পৃ: ]কাল—গুণবোৰৰ মহত্তত্ত্বাদি-ৰূপ পৰিণামত যি ব্যক্ত হয় সেয়ে কাল। এই কাল আদি-অন্ত শূণ্য। পৰম পুৰুষ ভগৱন্তই লীলাকৈ এই কালকে নিমিত্ত কৰি নিজ উপাদানেৰে ব্ৰহ্মাণ্ড সৃজন কৰে। এই বিশ্ব ভগৱান বিষ্ণুৰ মায়াতে সংস্থিত থাকি ব্ৰহ্ম-তন্মাত্ৰ হৈছিল। পিচত পৰমেশ্বৰে অব্যক্ত কালক নিমিত্ত কৰি তাকে আকৌ পৰিচ্ছিন্ন মূৰ্ত্তিৰূপে ব্যক্ত কৰিছে। এই বিশ্ব এতিয়া যি আগেও সেয়ে আছিল; আগলৈকো সেয়ে থাকিব*। নিমেষ, ক্ষণ আদিৰে কালৰ অনুমান কৰা হয়৷
- ভাগৱত, ৩৷১০৷২২-২৩