এই মায়া ত্রিগুণময়ী আৰু দুৰতিক্রম্যা। তাৰ তৰণৰ
একমাত্র উপায় ঈশ্বৰত শৰণ আৰু ভজন।
যেনে,—
“দৈৱী হ্যেষা গুণময়ী মম মায়া দুৰত্যয়া।
মামেৱ যে প্রপদ্যন্তে মায়ামেতাং তৰন্তি তে॥”
(গীতা, ৭৷১৪)
ভগৱন্তৰ মায়া জানিব পাৰিলেই জীৱ সাক্ষাৎ ভগৱৎ-পদ প্রাপ্ত হয় *।
আকৌ বিমুক্ত স্বৰূপ পৰমেশ্বৰৰ অবিদ্যা আৰু বন্ধন লৈ যি তর্ক বিৰােধ এয়ে ভগৱানৰ সেই মায়া †।
প্রকৃতিয়ে মায়া :—
“মায়ান্তু প্রকৃতিং বিদ্যান্মায়িনন্তু মহেশ্বৰম ।
তস্যাৱয়ৱভূতৈস্তু ব্যাপ্তং সর্বমিদং জগৎ৷৷”
(শ্বেতাশ্বতৰােপনিষদ, ৪৷১০ )
প্ৰকৃতিৰ নাম মায়া। এই প্রকৃতিক সৃষ্টি-স্থিতি-প্রলয় কালত নিজ অধিকাৰত ৰাখোঁতা মায়াৰ স্বামী ঈশ্বৰক মায়ী বােলে। এই মায়ী (ঈশ্বৰ) য়েই স্থূল-সূক্ষ্ম অবয়বেৰে সকলাে চৰাচৰ জগত ব্যাপ্ত হৈ আছে।
- ভাগৱত, ১৷৭৷৩১
† "সেয়ং ভগৱতো মায়াযন্ময়েন বিৰুধ্যতে।
ঈশ্বৰস্য বিমুক্তস্য কার্পণ্যমুত বন্ধনম্ ॥” (ভাগৱত, ৩৷৭৷৯)
২৫