[৩৬পৃঃ] পুৰুষ-প্ৰকৃতি—প্ৰলয় কালত এই ভূতসকল
ঈশ্বৰৰ শক্তি-ৰূপিণী ত্ৰিগুণাত্মিকা প্ৰকৃতিত বিলীন হয়।
আকৌ সৃষ্টি-কালত ঈশ্বৰে সিসৱক উৎপাদন কৰে *।
ঈশ্বৰ অধ্যক্ষ থকাৰ কাৰণে প্ৰকৃতিয়ে এই চৰাচৰ জগত
প্ৰসৱ কৰে আৰু তেওঁৰ অধিষ্ঠানৰ কাৰণেই এই জগত
নানাৰূপে বাৰে বাৰে উৎপন্ন হয় †৷
সাংখ্যমতে--সেই এক মাত্ৰ অভিন্ন সত্যৰূপ ব্ৰহ্ম মন আৰু বৃদ্ধিৰ অগোচৰভাৱে মায়া আৰু প্ৰকাশ- ৰূপে দুবিধ হয়। এবিধৰ নাম প্ৰকৃতি; ই উভয়াত্মিকা। আনবিধৰ নাম পুৰুষ; সি জ্ঞান। পৰণ ব্ৰহ্মই ক্ষোভিত কৰিলে পুৰুষৰ অনুমতিত প্ৰকৃতিৰ তিনি গুণ হয়— সত্ব, ৰজ, তম। এই গুণ লৈয়েই প্ৰকৃতিয়ে ঈশ্বৰেচ্ছাত সৃষ্টি কৰে ‡৷
ব্ৰহ্মাকে আদি কৰি শৰীৰধাৰী সকলোৱে নাক- বিন্ধোৱা বলদৰ দৰে যাৰ জৰীৰ বান্ধনত বশ হয়, যোনে পুৰুষ-প্ৰকৃতিতো পৰ, যি জনাই কাল, সেই পুৰুষোত্তমেহে জীৱৰ মঙ্গল বিধান কৰিব পাৰে। যোনে
- গীত, ৯৷৭৷
† গীতা ৯৷১০
‡ ভাগৱত, ১১|২৪|৩-৬৷