পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

সৃষ্টি-স্থিতি-লয়ৰ কাৰণ তেৱেঁই পুৰুষ-প্ৰকৃতি আৰু মহত্তত্ত্বৰো নিয়ন্তা *।

 মহাপুৰুষ মাধৱদেৱেও গাইছে :—

“প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ।
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ॥

(নামঘোষা, ৪০৫৷

 [ ৩৮পৃঃ ] মায়া— যিহে সঁচাক মিছা আৰু মিছাক সঁচা যেন দেখুৱায় সেয়ে ভগৱন্তৰ মায়া†। সেই মায়েশ্বৰে নানা ৰকম ৰূপ ধাৰণ কৰিবলৈ ইচ্ছা কৰি আত্মমায়া দ্বাৰা প্ৰাপ্ত অদৃষ্ট, কৰ্ম্ম আৰু প্ৰকৃতিক আশ্ৰয় কৰিছিল। তেওঁ কালত অধিষ্ঠিত হোৱাৰপৰা সেই কালৰপৰা গুণৰ বিভাগ অৰ্থাৎ গুণ তিনিটাৰ স্বভাৱ দূৰ হয়। তাৰ পৰাই সৃষ্টিৰ সূত্ৰপাত হয়‡। দ্ৰষ্টাৰূপ পৰমেশ্বৰৰ সংদ্ৰষ্টু, (অৰ্থাৎ দৃশ্যানুৰূপসন্ধানকাৰী) শক্তি সদসদ-আত্মিকা অৰ্থাৎ কাৰ্য্য-কাৰণৰূপা-সেয়ে মায়া। ভগৱন্তে সেই মায়াৰ দ্বাৰাই বিশ্ব সৃষ্টি কৰিছে§৷


  • ভাগৱত, ১১৷৬৷১৪-১৫।

† ভাগৱত, ২৷৯৷৩৩।
‡ ভাগৱত, ২৷৫৷২১-২২।
§ ভাগৱত, ৩৷৫৷২৫-২৬