পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


কৰি জন্মে আৰু মৰে আৰু এইদৰে ব্ৰহ্ম-চক্ৰত নানা দুখ ভুঞ্জে। যেনে, —

“গুণান্বয়ো যঃ ফলকৰ্ম্মকৰ্ত্তা
কৃতস্য তস্যৈৱ স চোপভোক্তা।
স ৱিশ্বৰূপস্ত্ৰিগুণাস্ত্ৰিৱৰ্ত্মা
প্ৰাণাধিপঃ সংচৰতি স্বকৰ্ম্মভিঃ (শ্বেতঃ উঃ , ৫৷৭ )

 [ ৩৩ পূ ] মন, বুদ্ধি, অহঙ্কাৰ—মহাপুৰুষ মাধৱদেৱৰ নামঘোষাতো ইয়াৰ আলোচনা আছে। যেনে,—

“হে মন তোৰ কাম   সঙ্কল্প বিকল্প ধৰ্ম্ম
 তেজি মিছা কামনা সকল।
সদায় সঙ্কল্প মাত্ৰ  কৰিয়ো সুহৃদ মন
 কৃষ্ণনাম পৰম মঙ্গল॥”-১২।
“শুনিয়োক বুদ্ধি তোৰ  কেৱল নিশ্চয় ধৰ্ম্ম
 তেজি সৱে বিনাশী বিষয়।
সদা শুদ্ধ সুমঙ্গল  অক্ষয় কৃষ্ণৰ নাম
 তাকে মাত্ৰ কৰিয়ো নিশ্চয়॥”—৯৪।
“শুন হেৰ অহাঙ্কাৰ  নিচিন্ত আপোন মাৰ
 মিছা অহম্মমক তেজিয়ো।
পৰম ঈশ্বৰ কৃষ্ণ  হুয়োক তাহান দাস
 সাধুসঙ্গে কৃষ্ণক ভজিয়ো॥”—৯৫।