পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 [ ২৬ দফা ]—মহাপুৰুষ মাধৱদেৱেও গাইছে :—

“ঘটে বটে ৰাম বিয়াপক হোই।
আতমা ৰাম বিনে নাহি কোই॥”

(বৰগীত, ৩৪)

ধৰ্ম্মবীৰ কবীৰে কয় :—

“ঘট ঘটমে ৰহি সাঁই ৰমতা৷” অৰ্থাৎ ঘটে ঘটে বা প্ৰতি দেহত থাকি স্বামী আনন্দ কৰিছে।

[১২ পৃ:] নাৰায়ণ, পৰমাত্মা, ব্ৰহ্ম, ভগৱন্ত :—

 নাৰায়ণ, পৰমাত্মা, ব্ৰহ্ম আৰু ভগৱন্ত একে বস্তু; কেৱল লক্ষণ ভেদত ভিন ভিন নাম। ভাগৱতৰ একাদশ স্কন্ধত ইয়াৰ আলোচনা আছে।

 গীতাত অক্ষৰক পৰম ব্ৰহ্ম বুলিছে (৮৷৩)। ছান্দোগ্য উপনিষদত জগতৰ সকলোকে ব্ৰহ্ম বুলিছে (৩৷১৪৷১)। কোনাপনিষদত কৈছে—যাক মনেৰে ঢুকি নাপায়, যাক চকুৰে দেখা নাযায়, যাক বাক্যৰদ্বাৰা বৰ্ণাব নোৱাৰি, যাক কাণেৰে শুনা নাযায় আৰু যাক উশাহ-নিশাহৰ