পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 [১৬ দফা]—একো বশী সৰ্ৱভূতান্তৰাত্মা,একং ৰূপং বহুধা যঃ কৰোতি।

তমত্মস্থং যেহনুপশ্যন্তি ধীৰাস্তেষাং সুখং শাশ্বতং নেতৰেষাম॥

কঠোনিপষদ্ ৫৷১২)

 যোনে সকলো প্ৰাণীৰ অন্তৰ্য্যামী আৰু চৰাচৰ জগতক বশত ৰাখিছে আৰু যোনে এক ৰূপকে বহুৰূপ কৰিছে, সেই অন্তৰ্য্যামী আত্মাক যিসকল ধ্যানশীল বিদ্বানলোকে দেখে তেওঁলোকেই মুক্তিৰ সুখ লাভ কৰে, মূঢ়বোৰে নহয়৷

 [ ১৯ দফা ]—“আত্মন এষ প্ৰাণো জায়তে।

যথৈষা পুৰুষে ছায়ৈতস্মিন্নেতদাততং মনোকৃতেনায়াত্যস্মিন শৰীৰে॥”

(প্ৰশ্নোপনিষদ, ৩৷৩)

 পৰমেশ্বৰৰ (আত্মাৰ) পৰাই প্ৰাণ ওপজে। দৃষ্টান্ত যেনে, শৰীৰ হলে ছায়া হয়, নহলে নহয়; এই প্ৰাণত আত্ম-স্বৰূপ ব্যাপ্ত হয়, কিন্তু ব্ৰহ্মত কোনো প্ৰাণ ব্যাপ্ত নহয়। এই শৰীৰলৈ মনৰ শুভাশুভ বাসনাৰূপ বন্ধ হোৱ প্ৰাণ আহে অৰ্থাৎ শৰীৰৰ লগত সম্বন্ধ হয়।

 ওপৰৰ তত্ত্ববাণীৰ লগত মিল আছে।