পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

পুষ্পক চুম্বিয়া যেন ত্যজে মধুকৰ॥
নীচ দেখি পুৰুবক এড়ে বেশ্যাজাক।
ত্যজে প্ৰজাগণে যেন দুৰ্জ্জন ৰাজাক॥
গুৰুকো নোশোথি বিদ্যা জাজি শিষ্যয়।
নিষ্পল বৃক্ষক ত্যজে পক্ষী সমস্তয়॥
ভুঞ্জি খাই অতিথি গৃহৰ এড়ে আশ।
দগ্ধ অৰণ্যত মৃগ নকৰে নিবাস॥

(দশম, ২৩৪১-২৩৪৪)

⸻⸻

কলি ধৰ্ম্ম

(১) সত্য।

১।  মহা ধুৰুতালি কৰি বুলিবে বচন।
 জানিবেক লোকে সত্য মাতে ইটো জন॥

(দ্বাদশ, ৩৩)



(২) সাউদ।


১৷  মিছা মাতি সাউদে কৰিবে কিনা বিকা।
 জীৱেক সম্পদ কৰি নিন্দিত জীৱিকা॥

( তথা, ১২৩)।