পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

যিটো সৱ জন আছে মায়াত আবৃত।
প্ৰবৃত্তি শাস্ত্ৰক পঢ়ি সদা ব্যগ্ৰচিত্ত॥
তাসম্বাৰো মাজে যাৰ অধিকাৰ।
সেহিমতে কৰিবেক তাক ব্যৱহাৰ॥
বেদে বোলে সুৰাক কৰিবে মাত্ৰ ঘ্ৰাণ।
কদাচিতো নকৰিবে ই মদ্যক পাণ॥
নমাৰিবে পশুক এড়িবে মাংস আশা॥
দেৱকো উদ্দেশি পশু নকৰিবে হিংসা৷

(নিমিনৱ সিদ্ধ, ৩৪৫—৩৪৮)

২। সুৰা-পায়ী চাতুকাৰ চাণ্ডাল।
 নিষ্ঠুৰ বাক্য বোলে সৰ্ব্বকাল॥
 পুত্ৰ দাৰা ধন আতেসে ৰতি।
 সবতো অধম যি মন্দমতি॥
 সি সবো পাপত হোৱে তৰণ।
 যদি হৰিপদে লৱে শৰণ॥

(কীৰ্ত্তন, ৪০-৪১)

⸻⸻

বৰ্জ্জন

১। কৰে কাৰ্য্য নিমিত্তে আনত' মিত্ৰৱতি॥
 স্ত্ৰীতো নথাকে আতি প্ৰেম পুৰুষৰ।