পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩) স্বামী ভৃত্য।

১৷ উত্তম নায়ক যদি হোৱে ক্ষীণ-বিত্ত।
 নাদৰিবে তাক যত পুৰাতন ভৃত্য॥
 যদি ৰোগী ভৈল ভৃত্য অনেক পুৰুষি।
 দেখি স্বামীসবে তাক এৰিবে নুপুষি॥
 ধেনুকো তেজিবে যেবে দুগ্ধ ভৈল হীন।

(তথা ১২২--৪)।

(৪) কুটুম্ব।

১। কলিত হৈবেক লোক তিৰী পৰাধীন।
 পিতৃ-মাতৃ জ্ঞাতি যত তেজিবে সোদৰ।
 ভাৰ্য্যাৰ কুটুম্বে হৈব সুহৃদ লোকৰ॥
 নিজ গোত্ৰ কুটুম্বতো এৰিবেক আশ।
 ভাৰ্য্যাৰ ভাতৃত মাত্ৰ কৰিবে বিশ্বাস॥

(তথা, ১২৫)।

২। তোমাৰেসে জী--জমাই তোমাৰেসে ঘৰ।
 তুমিসে আপোন হৈবা আমি হৈবো পৰ॥

(ৰুক্মিণী হৰণ কাব্য--৬৭৭)

⸻⸻