পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


 ১৩। হৰিসে আতমা হৰিসে বন্ধু।
 তৰি হৰি নামে সংসাৰ-সিন্ধু॥ (কীৰ্ত্তন-ঘোষা, ৮৬)

১৪। তুমিসি কেৱল আত্মা প্ৰভু নাৰায়ণ।
তোমাত কৰিলে পৰ-বুদ্ধি-জ্ঞান জন॥
মিছা পৰ-দেহাদিক আত্মা কৰি মানে।
হিয়াত হৰাইলা তুমি তাহাক নজানে॥
বিচাৰিয়া ফুৰয় আত্মাক বাহিৰত।
আশ্চৰ্য্য অজ্ঞান অতি দেখা কেনমত॥

(ৰত্নাকৰ ভা:, ১৪১-১৪২)

১৫। জগতৰে আত্মা ঈশ্বৰদেৱ।
তোমাৰ শত্ৰু মিত্ৰ নাহি কেৱ॥
সমস্ত ভূততে আছা বিয়াপি।
ভজন্তাক প্ৰভু ভজা তথাপি॥ (কীৰ্ত্তন, ১১৩৬)

১৬। জগততে আছা তুমি অচিন্ত্য প্ৰভাৱ।
জগতো তোমাতে আছে নজানি প্ৰভাৱ॥
একে আত্মা ব্যাপিয়াছা সমস্ত জগতে।
যেন এক হুতাশন সমস্ত কাষ্ঠতে॥
আছা অন্তৰ্য্যামী হৃদয়তে গূঢ়ভাৱে।
তথাপিতো অভকতে তোমাক নপাৱে॥
যিহেতু হিয়াত আছা তুমি কৃপাময়।
তাতেসে সমস্ত জড় জীৱ প্ৰৱৰ্ত্তয়॥