পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


যদ্যপি তোমাত কৰি জীৱ নোহে ভিন্ন।
তথাপিতো ভৈল প্ৰভু তোমাৰ অধীন॥
মায়া দ্বাৰে সৃজাহা যতেক গুণচয়৷
সেই গুণ লৈয়া কৰা সৃষ্টি স্থিতি লয়॥
ইচ্ছা মাত্ৰে হোৱে সিদ্ধি সৃষ্টি নিৰন্তৰ।
এতেকেসে বোলো প্ৰভু তুমিসি ঈশ্বৰ॥

(দশম, ১৬৯৬-১৬৯৯)

১৭। হৰিসে দেহৰ নিজ আত্মা প্ৰিয়তম।
আপুনি প্ৰকৃতি হৰি ঈশ্বৰ পৰম॥
এতেকে পৰম ফল হৰিসে কেৱল।
হৰি ব্যতিৰেকে আন বিনাশী সকল॥

(ৰত্নাকৰ ভাঃ, ৮৬৮)

১৮। মই সত্য আত্মা-তত্ত্ব মিছা সবে আন।
বেদে ব্যক্ত কৰিয়া কহয় এহিমান॥
নানান প্ৰকাৰ যেন দেখিয় বস্তুত।
সূতা মাত্ৰ সত্য আন মিছা সবে যত॥
সেহিমতে চৈতন্য ঈশ্বৰ মোত পৰে।
দেখিবেক মিছা আন যত নিৰন্তৰে॥

(ৰত্নাকৰ ভাঃ, ৯৯১-৯৯২)

১৯। যেন জল বায়ু  পৃথিবী আকাশ
 ব্যাপি আছে চৰাচৰ।