পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 আচোক গুচাইবে প্ৰতিকাৰ দুঃখচয়।
 মহা দুঃখময় প্ৰতিকাৰ সমস্তয়॥

x x x x

 মহা মনোৰথ পৰম্পৰা অতিশয়।
 হেনয় সংসাৰ মনতেসে হন্তে হয়॥
 জীৱৰ সংসাৰ আসি হোৱে অজ্ঞানত।
 পাৱে জীৱে সংসাৰৰ দুঃখ নানামত॥
 গুৰুৰূপ বাসুদেৱ ভকতি মাত্ৰকে।
 সংসাৰ উচ্ছেদ আসি হোৱয় এতেকে॥

(ৰত্নাকৰ ভাঃ, ১০২১—১০২৫)

⸻⸻

ধৈৰ্য্য

১। বান্ধৱৰ সমাগম তেহ্নয় অথিৰ।
 ধৈৰ্য্যসে ঔষধ দদা আপদ ব্যাধিৰ॥

(ৰামায়ণ উত্তৰাকাণ্ড,)



২। কাৰ্য্য সময়ত কেনে ভৈলা হতবুধি।
 আপদ ব্যাধিৰ হোৱৈ ধৈৰ্য্যেসে ওষধি॥

(হৰিচন্দ্ৰ উঃ, ২৫৮)

⸻⸻