পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৩।  সাক্ষী হৈয়া সভাত অসত্য বোলে বাণী।
 ক্ৰয়-বিক্ৰয়তো মিছা মাতে যিটো প্ৰাণী॥
 শতেক যোজন উপৰক সেই ধৰি।
 শিলাত পেলাৱে দূতে হেঠমুণ্ড কৰি॥

(ষষ্ঠ, ৪৪)

⸺⸺

সুখ-দুঃখ

১।  চক্ৰাকাৰে ঘূৰে সংসাৰৰ সুখ-দুঃখ॥
 আপদ সম্পদ আসি নিলে কৰ্ম্মগতি
 দৈৱক বাধিবে পাৰে কাহাৰ শকতি॥

(অষ্টম, ১৪২৮)


২।  মাধৱৰ মায়াৰ কমনে পাৱে অন্ত।
 ঐশ্বৰ্য্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত॥
 স্বৰ্গীয়ো নৰকী নৰকীয়ো স্বৰ্গে যায়।
 সৰ্ব্বকালে সুখ-দুখ একো স্থানে নাই॥
 সংসাৰৰ সুখ-দুখ জানা সবে মায়া।
 তিলেকতে অন্তৰে মেঘৰ যেন ছায়া॥

(অষ্টম, ৮৮৪৫—৮৮৪৬)


৩।  সংসাৰৰ তিনিবিধ দুঃখৰ মধ্যত।
 একবিধ দুঃখ তভু নুগুছে সতত॥