পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

শ্ৰী

১। আতি অন্ধ কৰে পুৰুষক শ্ৰীমায়া॥
 শ্ৰী-মদে পাইলে সিটো জীৱন্ততে মৰা।
 মাতন্তে নমাতে যেন আতুৰ নাপৰা॥
 শুনিয়ো নুশুনে যেন বসি থাকে কলা।
 দেখিয়ো নেদেখে যেন দিনতে অন্ধলা॥
 কোনোনো অৱস্থা নকৰয় শ্ৰীমদে।
 শ্ৰীমন্ত ভৈলে পাৱে পৰম আপদে॥

(অষ্টম, ৮৯৭০—৮৯৭১)


২। শ্ৰীমদে অন্ধ কৰি যেনমতে মাৰে।
 আন গৰ্ব্বে কৰিবাক ততেক নপাৰে॥
 শ্ৰী ভৈলে লাগে নাৰী কৰে মদ্য পান।
 অন্ধ হুয়া অনেক পশুৰ লৱে প্ৰাণ॥
 কেতিক্ষণে পড়য় খণিক ইটো কায়।
 অন্তকালে হোৱে সিটো বিষ্ঠা পলু ছাই॥
 তাৰ অৰ্থে কোন জনে প্ৰাণী হিংসা কৰে।
 একে নিদাৰুণ স্ত্ৰী মদান্ধত পৰে॥
 শ্ৰী-ব্যাধি কৰে পুৰুষক হতবুদ্ধি।
 হোৱে সুস্থ পাৱে যেবে আপদ ঔষধি॥
 সমস্তৰে একে দুঃখ জানে আটা পাই।
 নকৰে পৰক পীড়া দৰিদ্ৰে দুনাই॥