পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 মোহচয় মহা পাক চিন্তায়ে কাতৰ॥
 দিন-ৰাত্ৰি ভৈল অতি বেগ খৰতৰ॥
 ক্ষণে ক্ষণে নেয় ধৈৰ্য্য-বৃক্ষক খসায়।
 যত জীৱ ৰাশি আতি ঝাঁজি উটি যায়॥

(দশম, ৩৩৫—৩৩৭)

২।  নাহিকে পৰম সুখ নিৰাশাত পৰ।

(দশম, ২৪১৯)

⸺⸺

সত্য

১। সত্যে নেই উৰ্দ্ধক অসত্যে অধোগতি।
 হেন জানি সত্যক ৰাখিবে কৰা মতি॥

(হৰিশ্চন্দ্ৰ উঃ, ২৬২)



২। যিটো পুৰুষৰ নষ্ট ভৈল অঙ্গীকাৰ।
 লোকৰ বৰ্জ্জন হোৱে জীৱন ধিক্কাৰ॥
 নাহি নাহি আন ধৰ্ম্ম জানা সত্য বিনে।

...  ...


 অগ্নিহোত্ৰ কৰে যিটো পঢ়ে চাৰিবেদ।
 যত মহা দান আদি কৰি অবিচ্ছেদ॥
 সকলো নিস্ফল যাৰ লড়িল বচন।
 হেন জানি সত্য প্ৰভু কৰিয়ো ৰক্ষণ॥

(হৰিশ্চন্দ্ৰ উঃ, ২৫৯—২৬০)