এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী
আনো যত নৰ কৃষ্ণ সেৱকৰ
সঙ্গত পৱিত্ৰ হয়।
ভকতি লভিয়া সংসাৰ তৰিয়া
বৈকুণ্ঠে সুখে চলয়॥
(দ্বিতীয়, ৫৩-৫৪)
৩। সিটো চণ্ডালক গৰিষ্ঠ মানি।
যাৰ জিহ্বাগ্ৰে থাকে হৰি-বাণী॥
(কীৰ্ত্তন, ১১৫)
৪। যিটো চণ্ডালৰ জিহ্বাৰ অগ্ৰত
হৰি-গুণ-নাম বীজে।
তাৰে তপ জপ যজ্ঞ হোম দান
জানা প্ৰতি নিতে সিজে॥
কুকুৰকো খায় হেন ম্লেচ্ছ সবো
হৰি নাম লৱে মাত্ৰ।
এতেকে তেখনে শিশুসব হোৱে
যজ্ঞ কৰিবাৰ পাত্ৰ।
(দশম, ১৯৮৩)
৫। চণ্ডালো হৰিনাম লৱে মাত্ৰ।
কৰিবে উচিত যজ্ঞৰ পাত্ৰ॥
(কীৰ্ত্তন, ১১৯)
১। বোলন্ত গোঁসাই তোমাৰ নামক
আকস্মিতে মনে স্মৰে।