পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

শ্ৰৱণ-কীৰ্ত্তন কৰে কদাচিতো
 নুহিবা আদৰ কৰে॥
কুকুৰক খায় হেনয় চণ্ডাল
 শুদ্ধ হয় অতিশয়।
সোম পান কৰে  যিটো মহা অজ্ঞ
 তাৰ প্ৰতি তুষ্ট হয॥
তোমাৰ নামৰ  অনন্ত মহিমা
 আশ্চৰ্য্য অতি পৰম।
নাম মাত্ৰ লৈলে  চণ্ডাল দেহতে
 হুৱে মহা শ্ৰেষ্ঠোত্তম॥
তপ জপ তীৰ্থ  যজ্ঞ বেদ-পাঠ
 আদি ধৰ্ম্ম যত যত।
যিহেতু তোমাৰ   নাম কীৰ্ত্তনৰ
 হুয়া আছে অন্তৰ্গত॥
এতেকে চণ্ডাল  ভৈল পুজ্যোত্তম
 নামৰ কীৰ্ত্তন কৰি।

(ৰত্নাকৰ ভাঃ, ২৮১—২৮৩)

৭। ধন্য ধন্য চাণ্ডালিনী ৰতিত উত্তম।
 নেদেখিলো ভকত পৰম তোক সম॥
 নিশ্চয়ে জানিলি তত্ত্ব কৃষ্ণ দেৱতাৰ।
 তোৰ দৰশনে ভৈলো আমিয়ো নিস্তাৰ॥
 চাৰিয়ো বেদৰ তত্ত্ব তঞি আছ জানি।
 তঞিসি উত্তম জাতি তঞি মহামানী॥

২১—