পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় আধ্যা

সমাজ খণ্ড

জাতি ভেদ

১। অব্যভিচাৰিণী  ভকতিত মই
 বশ্য হওঁ অতিশয়।
 শ্ৰদ্ধায়ে আমাত  ভকতি কৰিয়া
 চাণ্ডালো পৱিত্ৰ হয়॥
 মোহোৰ ভকতি  জাতি-দোষ তাক
 কৰায় অতি পৱিত্ৰ।
 দুৰাচাৰ যিটো  তাহাকো পৱিত্ৰ
 কৰিবেক কোন চিত্ৰ।

(ৰত্নাকৰ ভাঃ ৬৪৪)


২। ভক্তিসে পৰম  শুদ্ধ নিৰূপম
 প্ৰকটি দেখা প্ৰমাণ॥
 কিৰাত কছাৰি  খাছি গাৰো মিৰি
 যৱন কঙ্ক গোৱাল।
 অসম মলুক  ৰজক তুৰক
 কুবাচ মেচ চণ্ডাল॥