পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৫। বেদৰ বিহিত  কৰ্ম্ম কৰিবাৰ
 ভকতৰ যোগ্য নুই।
 যদি মোহ হুয়া  কৰে কৰ্ম্ম-ধৰ্ম্ম
 ভকতিত ভ্ৰষ্ট হুই॥

(ভক্তি প্ৰদীপ, ১২৯)

৬। আছয় স্বধৰ্ম যত নিত্য নৈমিত্তিক।
 তাকো অনাদৰি একে হৰি-ভকতিক॥
 দিয়ো উপদেশ এহি কৈলো সাৰে সাৰ।
 হেনবা হুইবেক শঙ্কা মনত তোমাৰ॥
 মাধৱক ভজে যিটো তেজি স্বধৰ্ম্মক।
 হোৱে যদি তাহাৰ ভকতি পৰিপক॥
 হুইবেক কৃতাৰ্থ তাক চিন্তা নাহিকয়।
 তাহাৰ ভকতি পৰিপক্ক নতু হয়॥
 হেলাতে ভৈলেক নষ্ট নুহি মৰিলেক।
 স্বধৰ্ম্ম আগত তাৰ অনৰ্থ হইবেক॥
 হেন শঙ্কা কদাচিতো নকৰিবা মনে।
 স্বধৰ্ম্মকো তেজি হৰি ভজিলে যিজনে॥
 ভক্তি পৰিপক্ক নতু হোৱন্তে মৰিল।
 যদি কদাচিতো তাৰ ভকতি গুচিল॥
 তথাপিতো অনৰ্থক শঙ্কা নাহি তাৰ।
 ভক্ত-ৰচিকৰ নাহি কৰ্ম্মে অধিকাৰ॥

(ৰত্নাকৰ ভাঃ, ৬১২—৬১৫)