পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৭। দেৱ ঋষি ভূত পোষ্য পিতৃ এসবাৰ।
 উপজিলে লোকত পাঞ্চৰো লাগে ধাৰ॥
 এতেকে কিঙ্কৰ ঋণী ভকতি বিহীন।
 পঞ্চযজ্ঞ কৰিয়া পাঞ্চৰো সুজে ঋণ॥
 সৰ্ব্বভাৱে মুকুন্দত যি লৈল শৰণ৷
 নোহে ঋণী কিঙ্কৰ পাঞ্চৰো সিটো জন॥
 এড়ি আন কৃত্য চিত্ত দিলেক হৰিত।
 ভৈল কৃতকৃত্য সিটো এতেকে কলিত॥
 কহিলো বিহিত কৰ্ম্মত্যাগ ভকতৰ।
 যদি প্ৰমাদত পাপ কৰে সিটো নৰ॥
 তথাপি নলাগে আৰ তাৰ প্ৰায়শ্চিত্ত।
 শুনিয়োক নিমি তুমি স্থিৰ কৰি চিত্ত॥
 এড়িলেক যিটো আন দেৱত ভকতি।
 একে মাধৱক মাত্ৰ ভজে দৃঢ় মতি॥
 তাহাৰ পাতক যদি মিলে প্ৰমাদত।
 নাশ হোৱে সিয়ো ঈশ্বৰৰ প্ৰসাদত॥

(নিমি নৱসিদ্ধ, ৩৯৫—৩৯৮)

⸻⸻

উপদেশ

১। কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে
 মহা ভাগৱত পদ।