পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


৩। গীতাত নৱম  অধ্যায়ে মাধৱে
 কৈলা আগে অৰ্জ্জুনৰ।
 আন দেৱ তেজি  মোকে মাত্ৰ ভজে
 যদি দুৰাচাৰ নৰ॥
 অতি শ্ৰেষ্ঠত্তৰ  সাধু কৰি তাক
 মানিবা তুমি অৰ্জ্জুন।
 যিহেতু মোকেসে  কৰিলে নিশ্চয়
 সেহিসে সাধু নিপুণ॥
 বুলিব তোমাক  অল্প কালে মাত্ৰ
 আছয় নিশ্চয় কবি।
 এতেকসে মানে  দুৰাচাৰ তাক
 সাধু মানিবাক পাৰি॥
 তেজা ইটো শঙ্কা  দুৰাচাৰো যদি
 আমাক মাত্ৰ ভজয়।
 এতেকেসে সিটো  অতি শীঘ্ৰ হোৱে
 ধৰ্ম্ম চিত্ত অতিশয়॥

(ৰত্নাকৰ ভাঃ, ৬৩৪ —৬৩৬)

৪। দুৰাচাৰ যদি  হৰিনাম লৱে
 সিও শুদ্ধ হোৱে আতি।
 হৰিত শৰণে  হোৱয় তেখনে
 অন্তজো উত্তম জাতি॥

(একাদশ, ১৯২৫৪)