পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

২। জ্ঞান-কৰ্ম্ম-যোগক কৰন্তো মহা কষ্ট।
 অল্প ছিদ্ৰে কৰে তাক তেতিক্ষণে ভ্ৰষ্ট॥
 ৰাজ-সূয় কৰি যেবে ব্ৰহ্মলোকে চড়ে।
 পুণ্য-ক্ষয় তৈলে দুনাই সংসাৰত পড়ে॥
 বঞ্চে ব্ৰহ্ম লোকত আচৰি তপ-যোগ।
 নাহি একো সুখ ইন্দ্ৰিয় মাত্ৰ ভোগ॥
 ময়াময় দেৱ-ধৰ্ম্ম সমস্তে বিনাশী।
 তাতো মোক্ষ আছে শুনি উঠে মোৰ হাঁসি॥

(ভক্তিপ্ৰদীপ, ১২—১৩)

৩। বেদ যেন কৱে তাক শুনা প্ৰাণ সখি৷
 মায়াময় দেৱ ধৰ্ম্ম সবাক উপেক্ষি॥
 কেৱল, আমাত মাত্ৰ লৈয়োক শৰণ।
 হৱে কৰ্ম্ম-মল ত্যজি তেবেসে প্ৰসন্ন॥

(কৃষ্ণৰ উক্তি; একাদশ, ১৪৬)

৪। ভকতি বিহীন যিটো  তাৰ ধৰ্ম্ম-কৰ্ম্ম যিটে।
   সৱে বৃথা শাস্ত্ৰৰ সন্মতে।
 যি দেৱত কৰা আশ  তাৰো আছে মৃত্যু ত্ৰাস
   আনক ৰাখিবে কেনমতে॥

(একাদশ, ২৯২)

৫। হেন জানি তুমি তেজিয়োক আন দেৱ।
 এড়ি আন কাম মোক মাত্ৰ কৰ সেৱ॥