পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 আন দেৱ-ধৰ্ম্ম মানে মায়াময় দেখা।
 মোহোৰ বচন সখি পাষাণৰ ৰেখা॥
 ইটো কৃষ্ণ-কথা শুনিয়োক সৰ্ব্বজন।
 গীতাত কহিলা সেহি কথা নাৰায়ণ॥

(ভক্তি প্ৰদীপ, ৪০—৪১)

৬ ৷ এৰিলেক যিটো অন দেৱত ভকতি।
 একে মাধৱক মাত্ৰ ভজে দৃঢ় মতি॥
 তাহাৰ পাতক যদি সিজে প্ৰমাদত।
 নাশ হোৱে সিয়ো ঈশ্বৰৰ প্ৰসাদত৷
 হৃদয়ত থাকি হৰি ভকত বৎসল॥
 দূৰ কৰা ভৃত্যৰ যতেক পাপ-মল।
 নকৰিবা পৰলোকত যমক।
 কি কৰিবে যম যাৰ ঈশ্বৰ ৰক্ষক॥
 হেনবা বুলিবা ঈশ্বৰৰ আজ্ঞা বেদ।
 তাহাক লঙ্ঘিলে মাধৱৰ হৈব খেদ॥
 আজ্ঞা ভঙ্গ হৈবে হেন এড়া অসন্তোষ।
 প্ৰিয়তম জনৰ নধৰে হৰি দোষ॥

(নিমিনৱসিদ্ধ, ৪১৮—৪২০)

৭। হেনয় কৃষ্ণক এড়ি কিনো লোক অন্ধ।
 আন দেৱধৰ্ম্মকেসে কৰয় প্ৰৱন্ধ॥
 অমৃতক তৈজি যেন মৰৈ বিষ পানে।
 তেজি সোণা সনিয়াত গাণ্ঠি মাৰে টানে॥

২০—