পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


শুনা আৰ তত্ত্ব ভেদ  কল্পতৰু ভৈল বেদ
  তাৰ ফল মহা ভাগৱত।
নাই আৰ শিটা চাল   নাছিলেক এতকাল
  স্বৰ্গ-মৰ্ত্য পাতাল মধ্যত॥

(দশম, ৪২৪ – ৪২৫)

১০। যিটো প্ৰকৃতিত পৰ প্ৰভু ভগৱন্ত।
 বেদান্তৰো মুখ্য ভাগে যাক প্ৰকাশন্ত॥
 নিজ ব্ৰহ্মৰূপ যিটো অতৰ্ক মহিমা।
 তাঙ্ক কি চক্ষুৱে চাইবাক পাৰে ব্ৰহ্মা॥

(দশম, ৪৭০)

১১। গীতা ভাগৱত   শাস্ত্ৰৰ সন্মত
  জানিবা এহিসে নিষ্ঠ।
 জ্ঞানতো কৰ্ম্মতো  কৰিয়া হৰিৰ
  কীৰ্ত্তন ধৰ্ম্ম গৰিষ্ঠ॥

(দশম, ১৯৮২)

⸺⸺

দেৱধৰ্ম্ম

৯৷ কেহো বোলে বেদে কৱে যজ্ঞ ব্ৰত দান।
 কেহো বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ-স্নান॥
 কেহো বোলে বেদে কৱে জ্ঞানতেসে গতি।
 গুণৰ ইচ্ছাৰে বুঝে যাৰ যেন মতি॥

(একাদশ, ১৪৯)