পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১৪) সাধুসঙ্গ

১। কত মহাভাগ্যে ভকভক লগ পাই।
 অতপৰে জীৱৰ পৰম ভাগ্য নাই॥

(দ্বাদশ, ৪২৪)

২।উদ্ভৱৰ প্ৰতি বাক্য মাধৱে বোলন্ত॥
 যাক প্ৰতি সপ্ত সূৰ্য্য উদয় ভৈলন্ত॥
 জ্ঞান আদি তাৰ নানা চক্ষু প্ৰকাশয়।
 সগুণ নিৰ্গুণ ভেদ ভক্তিৰ জানয়॥
 হোৱয় আদিত্য আসি সাক্ষাতে উদয়।
 একে মাংস-চক্ষু মাত্ৰ প্ৰকাশ কৰয়॥
 ঘট-পট জ্ঞান মাত্ৰ উপজে কেৱল।
 কৰিবাক নপাৰয় মনক নিৰ্ম্মল॥
 এতেকেসে সন্তে মাত্ৰ দেৱতা বান্ধৱ।

(ৰত্নাকৰ ভা:, ৮০-৮১)

৩। যাহাৰ সংসাৰ  গুচিবেক তাৰ
 মিলয় সাধু সঙ্গতি।
যেৱে সাধুসঙ্গ ভৈল প্ৰভু তেবে
 তোমাত উপজে মতি॥

(কীৰ্ত্তন, ১৩৮৭)

৪। সাধুসবে দিয়া সমাহিত উপদেশ।
 ছেদন্ত মনৰ যত সংশয় নিঃশেষ॥