পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

সেহিসে পৰম সাধু জানা মহাশয়।
যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়॥

(একাদশ, ১৬১)


১। মাধৱৰ গুণ-কৰ্ম্ম শ্ৰৱণ কৰিতে।
 ভৈলা যাৰ সদায় সন্তোষ অতি চিত্তে॥
 পৰম মহন্ত তাৰ জানিবা নৃপতি।
 তাসম্বাৰ সঙ্গতেসে হোৱয় ভকতি॥
 মহন্তৰ সঙ্গ এড়িয়া যিটো নৰে।
 হৰি-কথা চিন্তনাদি আপুনিয়ে কৰে॥
 তাহাৰ ভকতি নুহিকয় কদাচিত।
 শুনা এহি অৰ্থ কহোঁ কৰিয়া বিদিত॥
 হৰিৰ চৰিত্ৰ কহে মহন্ত সকলে।
 অতি মহা শুদ্ধ চিত্তে অমৃত কেৱলে॥
 নদী ৰূপে বহে যিটো সকলো দিশক।
 সাৱধানে পিয়ে কৰ্ণে সিটো অমৃতক॥
 শ্ৰদ্ধায়ে কৰন্ত পান মহন্ত সঙ্গত।
 নোচোৱে তাহাক ক্ষুধা-তৃষ্ণা আদি যত॥

(ৰত্নাকৰ ভাঃ, ১০৩১-১০৩৩)