পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২০ মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

মনৰ নুগুচে সদা হৰিক স্মৰণ।
কহিলো উত্তম ভাগৱত সেহিজন॥

(ৰত্নাকৰ ভাঃ, ৫৫৫)

৩। কৃষ্ণকেসে চিন্তে যিটো নবাঞ্চে বিষয়।
 দেখন্ত বিষ্ণুৰ মায়া জগত নিশ্চয়॥
 নকৰে আক্ৰোশ দ্বেষ নাহিকে মনত।
 সেহিজন জানিবা উত্তম ভাগৱত॥

(নিমিনৱনিদ্ধ, ৮৪-৮৫)

⸺⸺

(৯) মহা ভাগৱত

১। সমস্ত প্ৰাণীক দেখে ঈশ্বৰ কৃষ্ণত।
 হৰিক দেখয়, যিটো প্ৰাণ সমস্তত॥
 সম্পূৰ্ণ ঐশ্বৰ্য্যে ব্যাপি আছে সমস্তত।
 হেন দেখে যিটো সেই মহা ভাগৱত॥

(ৰত্নাকৰ ভাঃ, ৫৫১)

২। ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক।
 প্ৰাণী সমস্ততো দেখে ঈশ্বৰ মূৰ্ত্তিক॥
 সমস্তে ঐশ্বৰ্য্য ব্যাপি আছে জগতত।
 হেন যিটো দেখে সিটো মহা ভাগৱত॥

(নিমিনৱসিদ্ধ, ৮০)

১৮—