পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১০) সাধু বা সন্ত

১। বোলন্ত মাধৱে  শুনিয়ো উদ্ধৱ
 সন্তৰ কহোঁ লক্ষণ।
 প্ৰাণী সকলৰ  দুঃখ সহিবাক
 নপাৰয় সাধুঞ্জন॥
 শক্তি অনুৰূপে  কৰয় সবাকো
 উপকাৰ সাধু নৰে।
 মছা ক্ষমাশীল  সহন শীল
 অসূয়া কাকো নকৰে॥
 একোৱে প্ৰাণৰ  দ্ৰোহ নকৰয়
 পৰম কোমল চিত।
 নাহিকে বিকাৰ  নেৰে সদাচাৰ
 স্বধৰ্ম্মত ভৈল থিত॥
 ইন্দ্ৰিয় সবক  বশ্য কৰিলেক
 সুখে দুঃখে ভৈলা সম।
 একো কামে চিত্ত  চলিতে নপাৰে
 সত্য সে বল পৰম॥
 লোক চেষ্টা যত  সবে তেজিলেক
 অলপ ভৈল আহাৰ।
 বস্তু পৰিগ্ৰহ  নাহিকে সন্তৰ
 কৰিলোহোঁ সাৰে সাৰ॥