পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৭) একান্ত ভকত

১। হেকৃষ্ণ! তযু কথা অমৃত সাগৰ ক্ৰীড়া
 কৰে যিটো আনন্দে পৰম।
 সেহিটো একান্তভক্ত  ধৰ্ম্ম অৰ্থ কাম মোক্ষ
 চাৰিবৰ্গ কৰে তৃণসম॥

(ৰত্নাকৰ ভাঃ ৪৮৩)

২। একান্ত ভকতে  কৰে সম্ভাষণ
 যদিবা গ্ৰাম্য আলাপে!
 তথাপি সমস্তে  পুৰুষক এড়ৈ
 অনেক জন্মৰ পাপে।

(প্ৰথম, ৩১৭)

(৮) উত্তম ভাগৱত

১। সমস্ত ভূততে সম থাকে সৰ্ব্বদাই।
 ধনে জনে আত্মাপৰ ভেদ বুদ্ধি নাই॥
 সমস্তৰে একে আত্মা মানয় মনত।
 সেহিজন জানিবাহা উত্তম ভাগৱত॥

(ৰত্নাকৰ ভাঃ, ৫৫৮)

২। কৰিলেক একে কৃষ্ণ দেৱক আশ্ৰয়।
 কাম-কৰ্ম্ম বাসনা চিত্তত নুপুঞ্জয়॥