পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


৪। সব পৰিহৰি কৃষ্ণ-নামক গাৱয়।
 নাম এড়ি আন বৃথা কথা নভাবয়॥
 কহিলোহোঁ যত মহা ভকত লক্ষণ৷

(ৰত্নাকৰ ভাঃ) ৫৬৪ )

৫। বিষয় আলাপ পাপ জানি ছাৰে তাক॥
 লৈয়া মহা সাধুসঙ্গ মহা শুদ্ধ ভাৱে।
 সুখে দুখে মুখে মাত্ৰ হৰিনাম গাৱে॥
 যতেক লক্ষণ কৈলো মহা ভকতৰ।
 সবাতো অধিক যিটোজন সাৰতৰ॥

(নিমিনৱসিদ্ধ, ৯৮-৯৯)

(৬) পৰম ভকত

১। জনম মৰণ শ্ৰম ক্ষুধা তৃষ্ণা ভয়।
 দেহ ইন্দ্ৰি প্ৰাণ বুদ্ধি মনৰ হোৱয়॥
 সংসাৰৰ ধৰ্ম্ম ইটো মোৰ নুহিকয়।
 এহিমনে মানি সদা হৰি উচ্চাৰয়॥
 নুগুচে ক্ষণেকো হৰিস্মৰণ মনত।
 জানিবাহা সেহিজন পৰম ভকত॥

(ৰত্নাকৰ ভাঃ ৫৫৪)