পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


 নকৰিব কদাচিত তাহাক অসূয়া।
 গুণাধম জন দেখি কৰিবেক দয়া॥
 সমানে সহিতে যিটো মিত্ৰতা কৰয়।
 সংসাৰৰ তিনি তাপে তাক নুছুৱয়

(ৰত্নাকৰ ভাঃ, ৫৯৮ —৫৯৯

(8) প্ৰকৃত ভকত

১৷ একাদশ স্কন্ধে আছে দ্বিতীয় অধ্যায়ত।
 হৰিৰ বচন নিমি ৰাজাৰ আগত॥
 নাহি মান্য় ভক্তকো আনকো নাহিকয়।
 একে প্ৰতিমাতে মাত্ৰ হৰিক পূজয়॥
 প্ৰকৃত ভকত এহি জানিবা নৃপতি।
 হুইবে শ্ৰেষ্ঠ সিয়ো পাছে কৰন্ত ভকতি॥

(ৰত্নাকৰ ভাঃ, ৬০৫-৬০

২। নুপূজে ভক্তক মান্য নকৰে প্ৰাণীক।
 একে প্ৰতিমাত মাত্ৰ আৰাধে হৰিক॥
 সেহিজন জানিবাহা প্ৰকৃত ভকত।
 আৰূঢ় হৈয়াছে তেহোঁ ভক্তিৰ পথত।
 অনুক্ৰমে উত্তম হৈবেক সিটোজন।
 একোমতে নোহে জানা নিন্দাৰ ভাঞ্জন॥

(নিমি নৱসিদ্ধ, ৮২-৮৩)