পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


 বিপক্ষত ক্ষমা কৰে কৃপা দুঃখিতত।
 জানা ৰাজা সেহিজন মধ্যম ভকত॥

(নিমিৰ প্ৰতি হৰিসিদ্ধ; ৰত্নাকৰ ভাঃ, ৫৯৫)

২৷ তাতে পুনৰপি কহো তৃতীয় অধ্যায়ত।
 মহন্তৰ সঙ্গ আসি লৈব প্ৰথমত॥
 হুয়া আতি বিৰকতি মনে সমস্তত।
 সবাতে ঈশ্বৰ আছে জানিবা মনত॥
 উপদেশ পায়া যথোচিত প্ৰৱৰ্ত্তয়।
 উত্তমত সেৱা মহা শ্ৰদ্ধায়ে কৰয়॥
 হীনত কৰয় দয়া মৈত্ৰী সমানত।
 জানিবা নৃপতি সেহি মধ্যম ভকত॥

(ৰত্নাকৰ ভাঃ, ৫৯৭)

৩। একান্তে কৰয় প্ৰেম যিটো ঈশ্বৰত।
 মৈত্ৰতা আচৰে হৰি ভকত সবত॥
 অজ্ঞক কৰুণা ক্ষমা কৰে বিপক্ষত।
 সেহিজন জানিবা মধ্যম ভাগৱত॥

(নিমি নৱসিদ্ধ, ৮১)

৪। সপ্তম অধ্যায়ে আছে চতুৰ্থ স্কন্ধত।
 কহন্ত নাৰদ ঋযি ধ্ৰুবৰ আগত॥
 গুণতো অধিক যিটো আপোনাত কৰি।
 তাকো দেখি প্ৰীতি অতি কৰিব সাদৰি॥