পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫) মহা-ভকত


১। মহা ভকতৰ পৰম আশ্ৰয়
 ভগৱন্ত আত্মাৰাম।
 যিটো জনে এক  শৰণ ধৰিয়া
 সুমৰৈ তাহানে নাম॥
 সেহি ভকতৰ যদি নাম লৱৈ
 চাণ্ডালো হোৱে পবিত্ৰ।
 হৰি নাম শুদ্ধ  কৰিবে ইহাত
 আছে কোন আবে চিত্ৰ॥

(প্ৰথম, ৩১৮)

২। লোভ মোহ কাম ক্ৰোধ তেজি বহু বিষ।
 মনত হৰিক স্মৰি ফুৰে অহৰ্নিশ॥
 এহিমতে মহাভক্ত সবে প্ৰবৰ্ত্তয়।
 কহিলো তোমাত ইটো নৃপতি নিৰ্ণয়॥

(ৰত্নাকৰ ভাঃ, ৫৫৬)

৩। কোনো কৰ্ম্ম বৰ্ণাশ্ৰম ধৰ্ম্ম নাচৰয়।
 তথাপি দেহত অহঙ্কাৰ নুপুজয়॥
 কহিলোহো এহি চিহ্ণ মহা ভকতক।

(ৰত্নাকৰ ভাঃ, ৫৫৭)