পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


৫ ৷ ঈশ্বৰৰ ধ্যান মাত্ৰ কৰন্ত সতত।
 জানিবা নৃপতি সিটো উত্তম ভকত॥

(নিমি নৱসিদ্ধ, ৮৬)

⸻⸻

(২) প্ৰধান ভকত

নব নিমিষাৰ্দ্ধ কৃষ্ণ চৰণ ভকতি।
এড়িলে এতেকে পাৱৈ ত্ৰৈলোক্য সম্পত্তি॥
তভু হৰি-পদ-সেৱা ক্ষোণাৰ্দ্ধো নেড়য়।
জানে হৰি ভক্তি বিনে সাৰ নাহিকয়॥
ত্ৰৈলোক্য ঈশ্বৰ যত দেৱতা সকল।
তাৰা সবে নতু পাৱে বিচাৰি কেৱল॥
এতেকে ত্ৰৈলোক্য পদ তুচ্ছ জানি মনে।
কৃষ্ণৰ চৰণ সেৱা নেড়য় যতনে॥
প্ৰধান ভকত এহি জানিবা নিশ্চয়।

(ৰত্নাকৰ ভাঃ, ৫৪৯ - ৫৬০)

⸻⸻

(৩) মধ্যম ভকত

১। ঈশ্বৰক দেখি যিটো নমে সমস্তত।
 সমানত মৈত্ৰী কবে প্ৰীতি উত্তমত॥