পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

যদিবা কৰয় ভোগ জানে মায়াময়।
উত্তম ভকত এহি জানিবা নিশ্চয়॥

(ৰত্নাকৰ ভাঃ ৫১২-৫৫৩)

৩। নকৰে আপোন-পৰবুদ্ধি ধন বিত্তে।
 সমস্তৰে একে আত্মা জানে যিটো চিত্তে॥
 সকলো লোকত সম শান্ত নিৰূপম।
 চিনিব নৃপতি সিটো ভকত উত্তম॥

(নিমি নৱসিদ্ধ, ৯০—৯১)

৪। মইসে কেৱল  জানা স্বৰূপত
  সমস্তৰে অন্তৰ্য্যামী।
 দেশে কালে মোৰ  পৰিচয় নাই
  চিদানন্দ ৰূপ আমি॥
 ঈশ্বৰক মোক  এহিমত ৰূপে
  যদি বা জানি জানি।
 ব্যভিচাৰ শূন্য  ভকতিয়ে মাত্ৰ
  ভজ মোক যিটো প্ৰাণী।
 সেহিটো আমাৰ  উত্তম ভকত
  কহিলো মোৰ সন্মত।
 ভকত লক্ষণ   ঈশ্বৰে আপুনি
  কহিলন্ত উদ্ধৱত॥

ৰত্নাকৰ ভাঃ, ৯৮—৯৯)