পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

প্ৰতিমাতে কেৱলে দেৱতা বুদ্ধি কৰে।
জলত কৰয় তীৰ্থ বুদ্ধি নিৰন্তৰে॥
ইটো চাৰি বুদ্ধি মহন্তত নকৰয়।
গৰুত অধম সিটো কহিলো নিশ্চয়॥

(ৰত্নাকৰ ভাঃ, ৮১৫—৮১৬)

৯। ভকত জনৰ যেন সুখ বিপৰীত।
 স্বপ্নতো নেদেখে জ্ঞানী-কৰ্ম্মী কদাচিত॥

(একাদশ, ১৫৪)

⸻⸻

(১) উত্তম ভকত

১। মোকলাগি প্ৰেম উপজিল যাৰ মনে।
 নড়ো তাৰ হৃদয়ক সখি সৰ্ব্বক্ষণে॥
 বান্ধিলেক আমাৰ পাৱত প্ৰেম জৰী।
 জানা নাই উত্তম ভকত তাক সৰি॥

(একাদশ, ১৬৮)

২। নিমজিল চিত্ত যাৰ হৰি চৰণত।
 দেখে বিষ্ণুৰেসে মায়া সমস্তে জগত॥
 ইন্দ্ৰিয়ৰ ভোগক আক্ৰোশ নকৰয়।
 দ্বেষো নকৰয় যুদি আপুনি মিলয়॥