পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

দেখিল মাত্ৰকে   ভকতে পৱিত
  কৰে লোক নিৰন্তৰ।
দেবে তীৰ্থে জানা   ভকত জনৰ
  অনেক মহদন্তৰ॥

(কীৰ্ত্তন, ১২৮২

৯। কোননো পণ্ডিতে   এড়িয়া তোমাক
  আনক ভজিবে যায়।
 ভকত জনক   আপোনাকো দিয়া
  জানো ইটো অভিপ্ৰায়॥
 ভকতেসে প্ৰভূ   তোমাৰ বান্ধৱ
  দিয়া মনোৰথ সিদ্ধি।

(কীৰ্ত্তন, ১২৭৯—১২৮০)

৭। ভকত সমান সখি মোৰ কোন আছে।
 মঞি মহা ভকতৰ ফুৰোঁ পাছে পাছে॥

(উদ্ধৱৰ প্ৰতি শ্ৰীকৃষ্ণ; একাদশ, ১৯৭৯)

৮। চৌৰাশী অধ্যায়ে আৰু দশম স্কন্ধৰ।
 শুনিয়োক পুনু কহোঁ বচন কৃষ্ণৰ॥
 মুনি সমস্তৰ আগে বোলন্ত বচন।
 মৰাশৱ তুল্য শৰীৰক যিটো জন॥
 আত্মা বোধ কৰি অহঙ্কাৰ কৰি ঘোৰ।
 মৃত তুল্য ভাৰ্য্যাদিক বোলে ইটো মোৰ॥