পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


পদ্মৰ পত্ৰৰ জল  পড়ি যেন নুহি বিৰ
  সেই মতে জীৱন চঞ্চল॥
মাধৱেসে পিতা মাতা  ভকত অভয় দাতা
  মাধৱত পৰে আন নাই।
হেন জানি ষত্ন কৰি  ডাকি বোলা হৰি হৰি
  হৰি বিনে ব্যৰ্থে আয়ু য়ায়॥

(দশম, ৪২৮)

১০। মায়াৰো ভাঙ্গিব কাপ  ভৰিবা বাতনা তাপ
  যমৰো গুচিবে সবে দায়।
 ষাৰ নাম লৈলে তৰি  হেনসে বান্ধৱ হৰি
  ইহপৰলোকৰ সহায়॥
 তানে শুনা গুণ-নাম  হস্তে কৰা তানে কাম
  মুখত নেড়িবা হৰিনাম।
 এতেকে পাপক বঞ্চা  অক্ষৰ পুণ্যক সঞ্চা
  নিৰন্তৰে বোলা ৰাম ৰাম॥

(যষ্ঠ, ১৬)

১১। পুত্ৰ দাৰা ধন  সংযোগ বিয়োগ
  অধিক মিলাৱে দুঃখ।
 হেন জানি আন কৰ্ম্ম পৰিহৰি
  হৰিক হুয়োক সমুখ॥
 হৰি বিমুখৰ  জীৱৰ নিষ্ফল
  পশুতো অধম মতি।