পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


পৰম পুৰুষ হৰি তাঙ্ক এৰি আগে।
কিবা গুণে গণেশক পূজিবাক লাগে॥
জগতৰ নাথ সংসাৰৰ আদি মূল।
বিষ্ণুক পূজিবো প্ৰথমতে দিয়া ফুল॥
বিষ্ণুত অৰ্পিবো যত পূজা যজ্ঞ দান।
বিষ্ণু ব্যতিৰেকে দেৱ নজানোহো আন॥
হৰি তুষ্ট ভৈলে তুষ্ট হোৱে চৰাচৰ।
হেন বিষ্ণু এড়ি পূজিবোহো লম্বোদব॥
কাচক যতনে ষেন পৰিহৰি হীৰা।
শালগ্ৰাম মাটিত নটীক যেন পীৰা॥

(হৰিশ্চন্দ্ৰ উপাখ্যান, ২৪-২৭)

৮। দুগুটি অক্ষৰ ইটো হৰি হেন নাম।
সাধে তথাপিতো ইটো দেখা কেন কান॥
সংসাৰ ব্যাধিৰ ইসে ঔষধ সুসাৰ।
অনায়াসে কৰে দুঃখ সাগৰৰ পাৰ॥
পৰম অক্ষয় ইটো পৰলোক বিত্ত।
হেন জানি হৰিৰ নামত দিয়া চিত্ত॥
কৃষ্ণৰ কিঙ্কৰ কহে নাহি আন গতি॥
বোলা হৰি হৰি সবে থিৰ কৰি মতি॥

|

(দশম, ৬২৯ - ৬৩০

}

৯। গিলৈ কালসৰ্পে পাই  তিলে তিলে আঁয়ু ষায়
  জানি লোৱা মৰণ সম্বল।