পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


আত্মঘাত কৰি চিন্তনি মৰয়
  নকৰি হৰি ভকতি॥
হৃদয়ত হৰি আছন্ত সাক্ষাত
  নিচিন্তি তান চৰণ।
ৰাম-কৃষ্ণ নাম  বিয়াপি আছয়
  নকৰে তাক কীৰ্ত্তন॥

(দশম, ২০৫৮-২০৫৯)

১২। শুনা সামাজিক জন কেশৱৰ কথা।
 বিষয়ব পদে জন্ম নকৰিয়ো বৃথা॥
 কাচৰ কাৰণে যেন তেজিয়া মাণিক।
 জানি সাধুজনে যত্নে ভজিয়ে হবিক॥
 পিতৃ-মাতৃ হৰিসে হৰিসে বন্ধু সাৰ।
 হৰিসে সুহৃদ নিজ আত্মা আপোনাৰ॥ .
 ইহ’ পৰলোকত হৰিক পাইবা লাগ।
 যৈকে যাইবা তৈকে হৰি হন্ত সাতো আগ॥

 হেন বন্ধু মাধৱক অৱহেলি আমি।
 ভৈলেহো আপুনি আপোনাৰ অধোগামী॥
 জানি শুনি এতেক তথাপি নপাওঁ সাক্ষী॥
 দেখিয়ো লেদেখো বেনে খাইলো দুয়ো আদি।
 দুৰ্জ্জন মনৰ সঙ্গে ভৈলো সৰ্ব্বনাশ॥
 নকৰিলো প্ৰভু, কৃষ্ণ তোমাত বিশ্বাস।