পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

হয়োক শৰণাপন্ন একে মোতে মাত্ৰ।
মোক ভজা হুইবা তেবে মুকুতিৰ পাত্ৰ॥
নাম নুশুনিবা তুমি আন দেৱতাৰ।
যেন মতে নুহিবে ভকতি ব্যভিচাৰ॥

(ভক্তি প্ৰদীপ, ১০১-১০৩)

৫। সমস্তে শাস্ত্ৰৰ মত বেদ বেদান্তৰ তত্ব
  কৃষ্ণসে পৰম ইষ্টদেৱ।
 পূজৈ যাক ব্ৰহ্মা হৰে  কোননো পামৰ নৰে
  তাঙ্ক আসি নকৰিবে সেৱ॥
 যাৰ নাম গৈলে মাত্ৰ  যজ্ঞ কৰিবাৰ পাত্ৰ
  হোৱে আতি ম্লেচ্ছ অস্তাজাতি।
 নভঞ্জিয়া হেন দেৱ আনকেসে কৰে সেৱ
   সি সি জনা মহা আত্মঘাতী॥

(প্ৰথম, ৪১৯)

৬৷ এড়িলেক যিটো আন দেৱত ভকতি।
 একে মাধৱক মাত্ৰ ভজে দৃঢ়মতি॥
 তাহাৰ পাতক যদি সিঝে প্ৰমাদত।
 নাশ হোৱে সিটো ঈশ্বৰৰ প্ৰসাদত॥

(নিমি নৱসিদ্ধ সংবাদ, ৩৯৮)

৭। প্ৰথমে বোলন্ত পূজিয়োক গণপতি।
 ৰাজায়ে বোলন্ত গুৰু কমন যুগুতি॥