পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

বেদান্তৰো তত্ত্ব শুকৰ বাণী।
জানি হেলা এড়া সমস্ত প্ৰাণী॥
যেবে সুখে পাইবা বৈকুণ্ঠ পুৰী।
সদায় ডাকিয়া ঘোষিয়ে হৰি॥

(কীৰ্ত্তন, ১৬৪৮-১৬৪৯)

৫২। পিয়ো পিয়ো ৰাম নাম অমৃত।
 বৃথা কথা কই নমৰ চিত্ত॥

(কীৰ্ত্তন ঘোষা, ১৪৬)

৫৩। ওঁ তাই ভাবিয়ো ৰাম, চিন্তিয়ো ৰাম,
  ৰাম নাম যেনো ছাড়ো৷
 ৰাম কৃষ্ণ নাম নানা অস্ত্ৰক প্ৰহৰি
  পাপ বিপক্ষক পাড়ো॥

(কীৰ্ত্তন ঘোষা, ১৮৭)

৫৪। কৃষ্ণৰ কিঙ্কৰে কহে  হৰিনামে পাপ দহে
  ৰাম নাম সবাতো অধিক।
 যিটো জনে নাম স্মৰে  সকল পাতক তৰে
  অনায়াসে পাৱে মুকুতিক॥
 জগত নিস্তাৰ হেতু  কৰিলা গৰুড়কেতু
   ইবাৰ বিদিত হৰি নাম।
 আয়ু যায় আলে জালে  কেতিক্ষণে ধৰে কালে
  নিৰন্তৰে 'বোলা ৰাম ৰাম॥

(কীৰ্ত্তন, ২৩২৫)