পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৪৭। ৰামক নাম অতি অনুপাম।
 ৰামক নাম ৰামক নাম॥

(কীৰ্ত্তন ঘোষা, ১০৯)

৪৮। বনমালী জগ মোহন ৰাম।
 যোনো মোৰ মুখে ছাড়ে ৰাম কৃষ্ণ নাম॥

(কীৰ্ত্তন ঘোষা, ১১৫)

৪৯। ৰাম বোল ৰাম বোল লোকাই।
 ৰাম নাম বিনা বান্ধৱ নাই॥

(কীৰ্ত্তন ঘোষা, ১৩০)

৫০। ভণিল শঙ্কৰে কৃষ্ণৰ কীৰ্ত্তন
  কৰিয়ো আবে সমাজে।
 ইটো কলিযুগে  আন গতি নাই
  হৰিৰ নামত বাজে॥
 বৃথা আয়ু যায়  তৰিয়ো লোকাই
  বৈকুণ্ঠ যাইবাৰ কাম।
 মায়াময় ইটো বিষয় এড়িয়া
  ডাকি বোলা ৰাম ৰাম॥

(কীৰ্ত্তন, ১৬ ১৪)

৫১। কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
 কৰিয়ো কীৰ্ত্তন সমস্ত জনে॥
 কলিযুগে ইটো মহা উপায়।
 হৰি নাম লৈলে মুকুতি পায়॥