পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৫৫। কলিত পৰম উপায় নাম।
 একদা সিজয় ত্ৰিতয় কাম॥
 উপজে পুণ্য পাপ হোৱে দূৰ।
 মিলে মহামোক্ষ সুখ প্ৰচুৰ॥
 কলিত লোকৰ মলিন মতি।
 নোপজয় আন পুণ্য সম্প্ৰতি॥
 নামেসে পৰম ধৰ্ম্ম কলিত।
 নামেসে মৰণ সম্বল বিত্ত॥

 হেন জানি তেজি বিষয় ধান্ধা।
 হৰিৰ নামক গলত বান্ধা॥
 কত পুণ্যে পাই মনুষ্য তনু।
 ইহাকে বিফল নকৰা পুনু॥

 মোহ নিদ্ৰা এড়ি লৱা চেতন।
 কৃষ্ণৰ সেৱাত কৰা যতন।
 সত্বৰে কৰা পৰলোক কাম৷
 ঘোষিয়া ঘনে ঘনে ৰাম ৰাম॥

(কীৰ্ত্তন, ২৩৩৮-২৩৪১)

৫৬। যাৰ নাম মাত্ৰে তৰি  হেনয় বান্ধৱ হৰি
  কৰি আছা হিয়াত নিবাস।
 তাঙ্ক কৰি অনাদৰ অধম অবোধ নৰ
  কৰৈ আন কৰ্ম্মত বিশ্বাস॥