পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৴৹

বস্তু। নাম, দেৱ, গুৰু আৰু ভকত এই চাৰিটা বস্তু। এই চাৰি বস্তু বৌদ্ধ ধৰ্ম্মৰ ত্ৰিৰত্ন (বুদ্ধ, ধৰ্ম্ম আৰু সঙ্ঘৰ) অনুকৰণ বুলি ভাবিব নালাগে। মহাপুৰুষ শঙ্কৰদেৱ প্ৰৱৰ্ত্তিত এই ধৰ্ম্মৰ নাম একশৰণ ধৰ্ম্ম বা নাম ধৰ্ম্ম। কৃষ্ণৰ দৰে ৰাম, হৰি আদিও উপাস্য।

 শাস্ত্ৰ-প্ৰণয়ন :—ধৰ্ম্ম শিক্ষা আৰু প্ৰচাৰৰ বাবে শ্ৰীশঙ্কৰদেৱে বহুত পুথি প্ৰণয়ন কৰে। পাঠ্যাৱস্থাৰ আদিতে অতি ওখভাৱৰ উৎকৃষ্ট কবিতা লেখে। ছাত্ৰ- শালৰ পৰা ওলোৱাৰ পিচত তেওঁ মাৰ্কণ্ডেয় পুৰাণ, ভাগৱত পুৰাণ, ব্ৰহ্মপুৰাণ, ৰামায়ণ আদি সংস্কৃত গ্ৰন্থৰ অসমীয়াত পদ কৰি শাস্ত্ৰ ৰচে’। পদ কৰোঁতে সদাই মূল সংস্কৃতৰ অবিকল ভাঙ্গনি কৰা দেখা নাযায়। ঠায়ে ঠায়ে বামণ পুৰাণ, মহাভাগৱত আদি শাস্ত্ৰৰ কথাও মিশ্ৰিত কৰা জনা যায়। শ্ৰীশঙ্কৰদেৱ ৰচিত সকলো পুথিৰ নাম এতিয়ালৈ জানিব পৰা নাই; পুথিৰ ৰচনা- কাল জনাতো দূৰৈৰ কথা। তেওঁৰ কীৰ্ত্তন আৰু দশম আৰু মাধৱদেৱ পুৰুষৰ ৰচিত নামঘোষা আৰু ৰত্নাৱলী এই চাৰিখন তেওঁৰ ধৰ্ম্মৰ প্ৰধান শাস্ত্ৰ। কাব্যৰ বাহিৰে তেওঁ বৰগীত, কীৰ্ত্তন, অঙ্ক, ভট্টিমা টোটয় আদিও ৰচনা কৰে। এতিয়ালৈ জনা পুথিৰ নাম তলত দিলোঁ।

 পুৰণি কামৰূপীয় ভাষাত:—মহাভাগৱত পুৰাণৰ