পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥৹

যায় যে তেওঁ ১৯বছৰ বয়সতে চিহ্নযাত্ৰা ৰচি আৰু তাৰ অভিনয় দেখুৱাই একে ৰাতিতে “উদ্ধৱ সংবাদ’’ নামে পুথি লেখি বহুত ব্ৰাহ্মণ আৰু শূদ্ৰক এই ধৰ্ম্মত শৰণ লোৱাইছিল। এইদৰে ধৰ্ম্মৰ দুৱাৰ জন-সাধা- ৰণৰ বাবে খোলা হয় আৰু হৰিনাম ৰসৰ “প্ৰথম অমৃত নদী” ব্ৰহ্মাণ্ডক ভেদি ববলৈ আৰম্ভ হয়। মহাপুৰুষ শঙ্কৰদেৱৰ গুৰু আছিল গোটেই জগৎখন (“আমি জগতৰ শিষ্য’’) কোনো বিশেষ লোক নহয়।

 এই একশৰণ বা নাম-ধৰ্ম্ম ভক্তিমূলক। এক কৃষ্ণ দেৱেই উপাস্য। কৃষ্ণই পৰমব্ৰহ্ম (“কৃষ্ণস্তু ভগৱান্ স্বয়ং’’), এইমতে ভগৱন্ত “ব্ৰহ্মৰূপী সনাতন,” আনন্দময় আৰু জ্ঞানয়ম। এই ধৰ্ম্মৰ মূলত একেশ্বৰ বাদ আৰু অদ্বৈত- জ্ঞান। বল্লভাচাৰ্য, নিম্বাৰ্ক্কাচাৰ্য্য, শ্ৰীচৈতন্য মহাপ্ৰভু আদি ধৰ্ম্ম-গুৰুসকলৰ দৰে শ্ৰীশঙ্কৰূদেৱে দ্বৈতবাদ স্বীকাৰ নকৰে। তেওঁৰ মতে ভগৱন্ত পুৰুষ আৰু প্ৰকৃতিতো পৰ। তেওঁৰ ভক্তি-যোগত শ্ৰৱণ-কীৰ্ত্তন ভক্তিয়ে প্ৰধান। এই ভক্তিৰ আদৰ্শ “দাস্যভাৱ”। শ্ৰীশঙ্কৰদেৱ “কৃষ্ণৰ কিঙ্কৰ’’। তেওঁৰ আদৰ্শ উদ্ধৱ। তাত ৰাধাৰ স্থান নাই। গীতা-ভাগৱতৰ নিচিনাকৈ শ্ৰীশঙ্কৰদেৱৰ মূল শাস্ত্ৰত ৰাধাৰ নাম নাই। তেওঁৰ ধৰ্ম্মত দীক্ষা নাই; তাত আছে শৰণ। শৰণত চাৰি নাম আৰু চাৰি