পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৶৹

উপাসক আছিল। পাঠ্যাৱস্থাৰ পৰাই শ্ৰীমন্ত শঙ্কৰদেৱক দেৱ-দেবীৰ উপাসনা আৰু জাতি ভেদৰ বিৰোধী দেখা গৈছিল। ছাত্ৰশালৰপৰা ওলায়ে তেওঁ মাৰ্কেণ্ডেয়- পুৰাণৰ পদ কৰি হৰিশ্চন্দ্ৰ উপাখ্যান নামে এখন কাব্য ৰচনা কৰে। তাতেই তেওঁৰ ধৰ্ম্মমতৰ (যেনে, বিষ্ণু- বৈষ্ণৱৰ প্ৰশংসা, দেৱ-দেৱীৰ পূজা নিষেধ আদিৰ) উমান পোৱা যায়। দেৱ-দেৱীৰ নামত পশু-হিংসা আৰু ধৰ্ম্ম-বিষয়ে জন-সাধাৰণৰ অজ্ঞতা আৰু দাসত্ব দেখি তেওঁ মৰ্ম্মান্তিক বেদনা অনুভৱ কৰিছিল৷ ছাত্ৰাৱস্থাতে তেওঁ ওঝা ছাত্ৰ হোৱাত) জাতি-ভেদৰ অত্যাচাৰৰ উমনি পাইছিল। তেতিয়াৰ পৰাই তেওঁ জন-সাধাৰণক এই দাসত্ব শৃঙ্খলৰপৰা মুক্ত কৰিবলৈ আৰু এটা অহিংস আৰু সাৰ্ব্বজনিক ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ দৃঢ়- সংকল্প হয়। তেওঁ শাস্ত্ৰ মথি, ভাৰতবৰ্ষৰ প্ৰধান প্ৰধান ধৰ্ম্মৰ কেন্দ্ৰলৈ গৈ ভিন ভিন ঠাইৰ ধৰ্ম্ম আৰু সমাজ দেখি, নানা ঠাইৰ পণ্ডিত আৰু সাধুৰ লগত আলাপ কৰি আৰু মহাভাগৱত আৰু গীতাৰ সাৰ সংগ্ৰহ কৰি তেওঁৰ অহিংস,আৰু সাৰ্ব্বজনিক ভাগৱত ধৰ্ম্ম (বা একশৰণ বা নামধৰ্ম্ম) উলিয়ায় আৰু তাৰ প্ৰচাৰ- কাৰ্য্যত লাগি যায়। এই ধৰ্ম্ম নতুন নহয়, পুৰণি বেদান্ত উপনিষদ আদি শাস্ত্ৰৰ ধৰ্ম্ম। চৰিত্ৰৰপৰা জনা