পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এক শৰণ

১। সৰ্ব্ব ধৰ্ম্ম এড়ি এক শৰণ সাক্ষাত।
 সুদৃঢ় বিশ্বাসে সখি লৈয়োক আমাত॥
 নাহি কিছুভয় হেৰা কৰো অঙ্গীকাৰ।
 সমস্ত পাপত মঞি কৰিবো নিস্তাৰ॥

(শ্ৰীকৃষ্ণৰ উক্তি, একাদশ, ১৯০-১৯১)

২। হুয়োক শৰণাপন্ন একে মোতে মাত্ৰ।
 মোক ভজা হুইবা তেবে মুকুতিৰ পাত্ৰ॥

(ভক্তিপ্ৰদীপ, ১০২)

৩। কোটি কল্পতৰু পূৰণকামা।
 ঐছন ঈশ্বৰ বহু নিজ ঠামা॥
 তাহে চৰণ চিন্ত চিত্ত লাই।
 তনু চিন্তামণি বিফলহি যাই॥
 আঁৱে নিকট নিত অন্তক গৰজি।
 লেহু হৰিচৰণ শৰণ সৱ বৰজি॥

(পাৰিজাত হৰণ নাট, ভটিমা)

৪। কৃষ্ণত কৰিয়ো এক শৰণ নিশ্চয়।
 কৰিয়ো ভকতি মিছা তেজিয়া সংশয়॥

(ৰত্নাকৰ ভাঃ, ৪৭৩)