পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৫। তুমি সত্যব্ৰত মোক্ষৰ সাধন
  সৰ্ব্বকালে থাকা স্বামী।
মহা পঞ্চভূত তোমাতে ওপজে
 তুমি সৰ্ব্ব অন্তৰ্য্যামী॥
সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা
 সমতাক প্ৰৱৰ্ত্তাই।
তোমাৰ চৰণে পশিলো শৰণ
 তুমি বিনে গতি নাই॥

(দশম, ৬১)

৬। প্ৰণত পালক তোমাৰ চৰণে
 লৈলোহোঁ আৱে শৰণ।
ভয়-শোক মৃত্যু গুচয় যিমতে
 ৰক্ষা কৰা নাৰায়ণ॥

(কীৰ্ত্তন, ১৩৯০)

৭। তোমাৰ মায়াত সৰ্ব্বলোক ভৈল ভ্ৰম।
 কৰ্ম্মপথে ভ্ৰমি মৰে কৰে অহম্মম॥
 মই মহা মূঢ়মতি একোৱে নজানো।
 স্বপ্ন সম পুত্ৰ ভাৰ্য্যা আকে সুখ মানো॥
 স্বৰ্গ-সুখ নিত্য বুলি কৰো কৰ্ম্ম ঘোৰ৷
 জড় শৰীৰত অহং বুদ্ধি ভৈল মোৰ॥
 দুখময় গৃহবাসে ভৈল সুখ চিত্ত।
 কিনো অধমৰ মোৰ বুদ্ধি বিপৰীত॥

১৪